- কেইটামান গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশ কৰা :
- এবাৰ ফল দি মৰা গছ=ওষধি
- দুই বছৰৰ মূৰত পোৱালি দিয়া গাই=দুৰচী;দোৰাহী
- পনীয়া গাখীৰ দিয়া গাই=জলাহী
- শিং নথকা গৰু=লাওমূৰা
- হাল বোৱা গৰু=বলধ
- ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
- স্মৰণ কৰিবলগীয়া=স্মৰণীয়
- যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
- যাৰ বিয়া হৈছে=বিবাহিত
- জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
- জন্তুৰ নিচিনা যি=জান্তব
- যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
- যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ
- যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
- মাৰ ভনীয়েক =মাহী
- দেউতাৰ ভনীয়েক=পেহী
- কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
- যাক শুনিব নোৱাৰি=অশ্ৰাব্য
- যাৰ জ্ঞান আছে=জ্ঞানী
- যাৰ ধন আছে=ধনী
- যাৰ মান আছে=মানী
- যাৰ ঋণ আছে=ঋণী
- যাৰ ঘৰ বাৰী নাই=অঘৰী
- যাৰ একো নাই=নিঃস্ব
- য'ত যাব নোৱাৰি=দুৰ্গম
- য'ত যাব পাৰি=সুগম
- যি বহুত কথা কয়= বহুবল্কী
- যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক=কথাচহকী
- যাৰ মৰণ নাই=অমৰ
- যাৰ ভয় আছে=ভয়াতুৰ
- স্কুলত পঢ়া ল'ৰা ছোৱালী=ছাত্ৰছাত্ৰী
- যাৰ শত্ৰু নাই=অজাতশত্ৰু
- যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
- শাক পাচলি কৰা ঠাই=শাকনি
- ধান খেতি কৰা ঠাই=ধাননি
- যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
- যাক গণনা কৰিব নোৱাৰি=অগণন
- যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
- যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
- যি কাম কৰা উচিত=কৰ্তব্য
- যি পুৰি নাযায়=অদাহ্য
- যি নিয়মমতে খৰচ কৰে=মিতব্যয়ী
- যি মাটি ফুটি ওলায়=উদ্ভিদ
- যি বিদ্যালাভ কৰিছে=কৃতবিদ্য
-
বহুতৰ মাজত প্ৰধান=শ্ৰেষ্ঠ
- যাক দিব পৰা নাযায়=অদেয়
- যাক বধ কৰিব পৰা নাযায়=অবধ্য
- যি খুউব বেছি দীঘল নহয়=নাতিদীৰ্ঘ
- যাক নিমিষতে ভঙ্গ কৰিব পাৰি=ক্ষণভঙ্গুৰ
- যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
- বিষ্ণুক উপাসনা কৰা লোক=বৈষ্ণৱ
- শিৱক উপাসনা কৰা লোক=শৈৱ
- শক্তিক উপাসনা কৰা লোক=শাক্ত
- যি সহজে জীণ নাযায়=অজীৰ্ণ; গুৰুপাকী
- যি অইন ফালে মন দিয়ে=অন্যমনস্ক
- শৰৎ কালত হোৱা=শাৰদীয়
- যি গুণীৰ গুণ বুজে=গুণগ্ৰাহী
- বাটে বাটে যোৱা মানুহ=বাটৰুৱা
- যাৰ ধৰ্মলৈ ভয় আছে=ধৰ্মভীৰু
- কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা=কৃতসংকল্প
- অশেষ মূল্য যাৰ=অমূল্য
- দৰমহা নোলোৱাকৈ কৰা কাম=অবৈতনিক
- যোৱাৰ উচিত বা যোগ্য=গন্তব্য; গমনীয়
- কাপোৰ বব জনা তিৰোতা=শিপীনী
- যি কাম কাজত পাকৈত=কাজী
- একে সময়তে হোৱা=সমসাময়িক
- ভৱিষ্যত চিন্তা কৰিব পৰা লোক=দূৰদৰ্শী
- পি খোৱা বস্তু=পেয়
- বুকুৰে বগাই যোৱা প্ৰাণী=সৰীসৃপ
- যি বিশ্বজনৰ বাবে ভাল=বিশ্বজনীন
- যি সৰ্বাংগ ব্যাপি আছে=সৰ্বাংগীণ
- ফুল থোৱা পাত্ৰ=ফুলদানি
- যি কথা কোৱা উচিত=বক্তব্য; বচনীয়
- জুই ধৰি ৰখা ঠাই=জুহাল
- নিজৰ ওপজা ঠাই=জন্মভূমি
- বস্তু বেচা কিনা কৰা ঠাই=বজাৰ
- বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
- বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
- যাৰ মূৰত চুলি নাই=তপা
- যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
- যি কথা লগাই ফুৰে=খলুৱা
- যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
- যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
- সহজে যি জীণ যায়=লঘুপাকী
- যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
- সকলোকে সমানভাৱে দেখা=সমদৰ্শী
- বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
- যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
- যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
- যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
- যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
- যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
- যি নিজকে পণ্ডিত বুলি ভাৱে=পণ্ডিতমন্য
- আনৰ দোষ দেখা স্বভাৱ=অসূয়া
- যাৰ জন্ম নাই=অজ
- ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
- শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
- ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
- যাৰ আগত জন্ম=অগ্ৰজ
- যাৰ পিছত জন্ম=অনুজ
- আগে আগে গমন কৰে যি=অগ্ৰগামী
- পিছে পিছে গমন কৰে যি=অনুগামী
- যি কম কথা কয়=মিতভাষী
- যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
- ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
- নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
- মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
- যি মাটিৰে নিৰ্মান=মৃন্ময়
- যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
- ধান থোৱা ঘৰ= ভঁৰাল
- যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ
- নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
- দেউতাকৰসখিয়েক= তাৱৈ
- তাৱৈৰ ঘৈণীয়েক=আমৈ
- যি আনৰ অধীন নহয়= স্বাধীন
- যি আনৰ অধীন=পৰাধীন
- গৰু বন্ধা ঘৰ=গোহালি
- যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
- যি নিজে নিজে হয়=স্বয়ম্ভু
- যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ
- যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
- যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
- যাৰ বিবেচনা শক্তি নাই=অবিবেচক
- ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
- যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
- যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
- যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
- যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
- যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
- যাৰ আদি নাই= অনাদি
- যাৰ অন্ত নাই=অনন্ত
- যাৰ সীমা নাই= অসীম
- যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
- যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
- যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
- যাক দেখা নাযায়=অদৃশ্য
- যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
- যাক সহজে পোৱা যায়=সুলভ
- যাৰ নাম নাই =অনামী
- যাৰ সীমা আছে= সসীম
- যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
- যাৰ ধাৰ আছে =ধাৰুৱা
- যি অলপতে শুনে=শহাকণীয়া
- যি ঘৰত ওপজে=ঘৰ-ওপজা
- যি বনত ওপজে=বনজ
- যি নগৰত থাকে=নগৰীয়া
- যি গাঁৱত থাকে =গাঁৱলীয়া
- যি বিদেশত থাকে =প্ৰবাসী
- বিদেশৰপৰা অহা লোক=বিদেশী
- যি ভয় নকৰে=নিৰ্ভীক
- আনৰ ভাল দেখিব নোৱাৰা =চকুচৰহা, পৰশ্ৰীকাতৰ
- একে গুৰুৰ শিষ্য=হৰিভকত, সতীৰ্থ
- একে শ্ৰেণীতে পঢ়া=সহপাঠী
- একে মাকৰ সন্তান=সহোদৰ, সোদৰ
- গোটেই জীৱন জুৰি=আজীৱন
- মাগিলেও ভিক্ষা নোপোৱা সময়=দুৰ্ভিক্ষা
- জন্মৰ পৰা অন্ধ যি=জন্মান্ধ
- যি এটা চকুৰে নেদেখে =কণা
- দুয়োটা চকুৰে নেদেখা লোক=অন্ধ
- যি কথা কব নোৱাৰে=মুক; বোবা
- যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে=মুকবধিৰ
- শাৰীৰিকভাৱে অক্ষম যি=প্ৰতিবন্ধী
- যাৰ মাক পিতাক মৰিছে=মাউৰা
- যি পুৰুষৰ তিৰোতা মৰিছে =বৰলা; বিপত্নীক
- যি তিৰোতাৰ পুৰুষ মৰিছে =বিধৱা
- স্বামী থকা তিৰোতা=সধৱা; আয়তী
- নাম গোৱা তিৰোতা=নামতী
- বিহুৰ আগ দিনা=উৰুকা
- যি দিনত নেদেখে= দিনকণা
- যি ৰাতি নেদেখে=কুকুৰীকণা
- যি কাৰো পক্ষত নাথাকে=নিৰপক্ষ
- যি নিশা চৰে= নিশাচৰ
- যি সহ্য কৰিব পাৰে =সহনশীল
- যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
- ভিক্ষা কৰে যি=ভিক্ষাৰী
- যি কথা জনা নাযায়=অজ্ঞাত
- যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
- দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
- যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
- যি সঁচা কথা কয়=সত্যবাদী
- যি মিছা কথা কয়=মিছলীয়া
- যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
- যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
- মাৰ সতিনীয়েক=বিমাতা, মাহীমা
- ককাৰ দেউতাক=আজোককা
- কঁঠালৰ সৰু কলি =মুচি
- খাবলৈ অনা সৰু কলপুলি=পচলা
- দাঁত ওলোৱা হাতী=দঁতাল
- মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
- যি জলত চৰে=জলচৰ
- যি স্থলত চৰে=স্থলচৰ
- জল আৰু স্থল উভয়তে চৰে যি=উভচৰ
- যি কণীৰপৰা জন্মে=অণ্ডজ
- ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
- ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
- গান গোৱা লোক=গায়ক
- খেলা ধুলা কৰা লোক=খেলুৱৈ
- মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ
- লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ
- কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ
- সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
- চিকিৎসা কৰা লোক=চিকিৎসক
- গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
- যি উপকাৰ কৰে=উপকাৰী
- উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
- উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
- বৰষুণ নোহোৱা বতৰ=খৰাং
- যাৰ কোনো নাই=অনাথ
- ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
- যি একো নাজানে=অজ্ঞ
- যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
- যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
- যি এই লোকৰ নহয়=অলৌকিক
- দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
- ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
- য'ত কোনো মানুহ নাই=নিৰ্জন
- দেশক ভাল পোৱা মানুহ=দেশভক্ত
- দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
- দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
- গৰু চৰোৱা লোক=গৰখীয়া
- হাতী চৰোৱা লোক=মাউত
- যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
- যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
- যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
- যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
- যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
- যাক সকলোৱে জানে=বিখ্যাত
- যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
- দুই ঘৰৰ মাজৰ ঠাই=দোঘোৰা
- ঘৰৰ চালৰ পানী পৰা ঠাই =পানী পচা
No comments:
Post a Comment