Saturday, May 15, 2021

এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salt)

 

 

এছিড, ক্ষাৰক আৰু লৱণ

(Acids, Bases and Salt)

 

এছিড (Acid) : যিবোৰ ৰাসায়নিক পদার্থই জলীয় দ্ৰৱত এক বা একাধিক হাইড্র'জেন আয়ন যুক্ত কৰে তাকেই এছিড বোলে । ইয়াৰ সোৱাদ টেঙা হয়।

উদাহৰণস্বৰূপে: হাইড্রক্লৰিক এছিড, ছালফিউৰিক এছিড ইত্যাদি।

 

ক্ষাৰক (Bases) : যিবোৰ ৰাসায়নিক পদার্থই জলীয় দ্রৱত এক বা একাধিক হাইড্রক্সাইড আয়ন  যুক্ত কৰে তাকেই ক্ষাৰক বোলে। ইয়াৰ সোৱাদ তিতা হয়। উদাহৰণস্বৰূপে : ছ'ডিয়াম হাইড্রক্সাইড, কেলছিয়াম হাইড্রক্সাইড  ইত্যাদি।

 

Click here to join with us on Facebook


লৱণ (Salt) : ধাতুৰ দ্বাৰা এটা এছিডত হাইড্রজেন প্রতিস্থাপনেৰে গঠিত আয়নীয় যৌগ।

এছিড + ধাতু লৱণ + হাইড্রজেন গেছ


সূচক (Indicator) : যিবোৰ দ্ৰৱৰ সহায়ত আমি পদাৰ্থ এটাৰ এছিড বা ক্ষাৰকৰ উপস্থিতি নিৰ্ণয় কৰিব পাৰোঁ তাকেই সূচক বোলা হয়। উদাহৰণস্বৰূপে : লিটমাছ, হালধী, মিথাইল অ'ৰেঞ্জ  ইত্যাদি।

ইয়াত লিটমাছ আৰু হালধী দুবিধ প্ৰাকৃতিক সূচক।

 

ঘ্রাণেন্দ্রিয় সূচক (Olfactory indicator) : ঘ্রাণেন্দ্রিয় সূচকৰ এছিড বা ক্ষাৰকৰ উপস্থিতিত গোন্ধৰ পৰিৱর্তন হয় ।উদাহৰণস্বৰূপে : পিয়াজৰ ৰস, লং তেল ইত্যাদি।

 




প্রশমন বিক্রিয়া (Neutralization reaction) : এছিডে ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানীৰ উৎপন্ন কৰে। ইয়াকে প্রশমন বিক্রিয়া বোলে।

 ক্ষাৰক + এছিড ণ + পানী

 

pH স্কেল : pH স্কেলৰ সহায়ত দ্ৰৱ এটাত থকা হাইড্র'জেন আয়নৰ গাঢ়তা পৰিমাপন কৰা হয়।

 



Click here to join with us on Telegram 


Notes:

·       আমাৰ দেহে 7.0 ৰ পৰা 7.8. pH পৰিসৰৰ ভিতৰত কার্য সম্পাদন কৰে।

·       মানুহৰ পাকস্থলীৰ ভিতৰত থকা হাইড্ৰ'ক্লৰিক এছিডৰ pH ৰ মান 1.5 ৰ পৰা 3.5 ৰ ভিতৰত হয়।

·       বৰষুণৰ পানীৰ pH ৰ মান 5.6 তকৈ কম হলে তাক এছিড বৰষুণ বোলে হয়।

·       খোৱা লৱণ বা লৱণৰ ৰসায়নিক নাম ছ'ডিয়াম ক্লৰাইড(NaCl)

·       আমাৰ মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কম হলে দন্তক্ষয় হয়।

No comments:

Post a Comment