Thursday, March 31, 2022

প্ৰশ্নৰ বিভিন্ন ভাগসমূহ

এখন প্ৰশ্ন কাকতত থকা প্ৰশ্নৰ ভাগসমূহ-


লিখিত মূল্যাংকনৰ বাবে যিকোনো এটা পৰীক্ষাত প্ৰশ্ন কাকত এখনৰ অবিহনে ই কেতিয়াও ফলপ্ৰসূ নহয়। সেয়েহে এনেক্ষেত্ৰত এখন উচ্চ মানদণ্ডৰ প্ৰশ্ন কাকতৰ প্ৰস্তুত কৰা আৰু ইয়াক প্ৰয়োগ কৰা যথেষ্ট প্ৰয়োজনীয়।

কিন্তু প্ৰশ্ন কাকতখন প্ৰস্তুত কৰোতে সদায় ইয়াত প্ৰশ্নৰ ভিন্নতা ৰখাটো জৰুৰী। কাৰণ এনেধৰণৰ প্ৰশ্ন কাকত এখনেহে সঠিক মূল্যাংকনত সহায় কৰিব।


এই প্ৰশ্নৰ ভাগসমূহ তলত দিয়া ধৰণৰ হয়-


১. বস্তুনিষ্ঠ/নৈবাৰ্তিক প্ৰশ্ন (Objective type question):

যি প্ৰশ্নৰ উত্তৰৰ শুদ্ধতা, অশুদ্ধতা, গ্ৰহণযোগ্যতা ইত্যাদি পৰীক্ষক জনৰ ব্যক্তিগত বা বিষয়গত মনোভাৱ, দৃষ্টিভংগী বা বিবেচনাৰ ওপৰত ভিত্তি নকৰে তেনে প্ৰশ্নক বস্তুনিষ্ঠ বা নৈবাৰ্তিক প্ৰশ্ন বুলিব পৰা যায়। যেনে- 

(প্ৰশ্ন) ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?

এইটো প্ৰশ্নৰ উত্তৰ সকলোৰে বাবেই একেই হ'ব।


বস্তুনিষ্ঠ প্ৰশ্ন বিভিন্ন ৰূপত হ'ব পাৰে - বহুকেইটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ বিচাৰি উলিওৱা (multiple choice question), উত্তৰ মিলোৱা বা ৰজিতা (matching type), শুদ্ধ অশুদ্ধ কোৱা (true and false), উত্তৰ সম্পূৰ্ণ কৰা (completion type) ইত্যাদি।


২.অতিচমু উত্তৰ ধৰ্মী প্ৰশ্ন (Very short type question):

এনেধৰনৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ প্ৰশ্নৰ সৈতে সাদৃশ্য আছে। বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ সাধাৰণতে সম্পূৰ্ণ বাক্যত দিয়াৰ প্ৰয়োজন নহয় কিন্তু অতি চমু প্ৰশ্নৰ উত্তৰ লিখোঁতে আমি এটা বাক্যত উত্তৰটো সম্পূৰ্ণ কৰিবলগীয়া হয়।

যেনে-

(প্ৰশ্ন) শঙ্কৰদেৱৰ প্ৰিয় শিষ্য কোন?

এইটো প্ৰশ্নৰ উত্তৰ মাত্ৰ এটা বাক্যত দিব পৰা যায়।


৩. চমু উত্তৰ ধৰ্মী প্ৰশ্ন (Short answer type question):

যিবোৰ প্ৰশ্নৰ উত্তৰ ৩-৪ টা মান সম্পূৰ্ণ বাক্যৰ দ্বাৰা দিব পৰা যায় তেনে বোৰ প্ৰশ্নক চমু উত্তৰ ধৰ্মী প্ৰশ্ন বুলি কোৱা হয়।

যেনে-

(প্ৰশ্ন) 'নবযুগ' কবিতাটোত কবিয়ে কাক কিহৰ বাবে আহ্বান জনাইছিল?


৪. ৰচনাধৰ্মী প্ৰশ্ন (Essay type question):

এনে প্ৰশ্নৰ উত্তৰ দীঘলীয়া হয়। প্ৰায়েই অনুচ্ছেদ লিখিলেহে এনে প্ৰশ্নৰ উত্তৰ দিব পৰা যায়। এনে প্ৰশ্নৰ সহায়ত কেইবাতেও দিশ, কথা বা বিশেষ উদ্দেশ্য মূল্যায়ন কৰিব পৰা যায়। যেনে- এখন ৰচনা লিখিবলৈ দিলে ছাত্ৰ ছাত্ৰীৰ বিষয়বস্তুৰ ওপৰত জ্ঞান, চিন্তা, ভাৱ, অভিজ্ঞতা নিৰ্দ্দিষ্ট ক্ৰমত সজোৱাৰ দক্ষতা, ভাষাৰ সাৱলীলতা, শব্দ প্ৰয়োগ, ৰচনা ৰীতি আৰু আনকি দৃষ্টিভংগীৰো মূল্যায়ন কৰিব পৰা যায়।

ৰচনাধৰ্মী প্ৰশ্নৰ ঘাই ত্ৰুটি এয়াই যে পৰীক্ষকৰ বিষয়গত চিন্তা তথা মনোভাৱে তেওঁৰ মূল্যায়নক প্ৰভাৱিত কৰিব পাৰে।

যেনে-

(প্ৰশ্ন) টেলিভিছনে সমাজত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে বহলাই লিখা।

(প্ৰশ্ন) তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা এখন লিখা।

(ক) অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

(খ) ভাৰতবৰ্ষ

No comments:

Post a Comment