Sunday, April 10, 2022

প্ৰাণীৰ বীজকোষীয় বা যৌন প্ৰজনন (Germinal or Sexual Reproduction in Animals)

প্ৰাণীৰ বীজকোষীয় বা যৌন প্ৰজনন (Germinal or Sexual Reproduction in Animals)


জননকোষ আৰু লিংগ বিভেদ (Gametes and sexual difference):

বীজকোষীয় অথবা যৌন প্ৰজনন বেছিভাগ উচ্চবৰ্গীয় প্রাণীৰ মাজত দেখা যায়। এই প্ৰকাৰৰ প্ৰজননৰ বৈশিষ্ট্য হৈছে এয়ে যে, ইয়াত প্রথমতে একে প্ৰজাতিৰে দুটা বিভিন্ন প্ৰজনক ব্যক্তিৰ শৰীৰত সৃষ্টি হোৱা (কোনো প্রাণীৰ ক্ষেত্ৰত একেটা প্ৰজনক ব্যক্তিৰ শৰীৰতে দুটা বিভিন্ন অংগত সৃষ্টি হোৱা) দুটা এগুণীয়া (n) ত্ৰুম’জ’মযুক্ত কোষ এটা প্ৰজনক ব্যক্তিৰ শৰীৰত পৰস্পৰ মিলিত হয় আৰু দুয়োটাৰে কোষ কেন্দ্ৰ লগ লাগি দ্বিগুণীয়া (2n) কোষকেন্দ্ৰ বিশিষ্ট কোষ এটাৰ সৃষ্টি হয়। তাৰ পিছতেই এই মিলিত কোষটোৰ দৈহিক বিভাজন হৈ অপত্য কোষৰ উৎপত্তি হয়। 


এই প্ৰক্ৰিয়াত ভাগলোৱা দুই ব্যক্তিৰ কোষ দুটাক প্ৰজনন কোষ বা সংক্ষেপে জননকোষ (Reproductive cell or gametes) বোলে আৰু এই কোষ দুটাৰ মিলন হৈ সৃষ্টি হোৱা কোষটোক যোজনকোষ (Zygote) বোলা হয়। উল্লেখযোগ্য যে, প্ৰত্যেকটো জনন কোষ মিঅ’ছিছ্‌ বিভাজনৰ ফলত সৃষ্টি হোৱা এগুণীয়া ক্ৰম’জ’ম অৰ্থাৎ n-ক্ৰম’জ’ম বিশিষ্ট কোষ ৷ এই n- ক্ৰম'জ'মবিশিষ্ট জননকোষ দুটাৰ মিলনৰ ফলত উৎপন্ন হোৱা যোজনকোষটো স্বাভাৱিকতে দ্বিগুণীয়া (2n) ক্ৰম’জ’ম বিশিষ্ট হয়। এই যোজন কোষটোৰ মাইট'ছিছ্‌ বিভাজনৰ দ্বাৰা অপত্যৰ শৰীৰৰ সকলো কোষৰ সৃষ্টি হয় কাৰণে কোষৰ ক্ৰম'জ'ম সংখ্যা দ্বিগুলীয়া (2n) হয়---সেই প্ৰজাতিৰ নির্দিষ্ট ক্ৰম'জ'ম সংখ্যাৰ সমান। এইটো সহজে অনুমান কৰিব পাৰি যে জননকোষ দুটা মিলিত হ’বৰ কাৰণে আৰু তাৰ ফলত উৎপন্ন হোৱা ভ্ৰূণৰ বৰ্ধনৰ কাৰণে জননকোষত দুটা প্ৰয়োজনীয় ব্যৱস্থা থাকিব লাগিব i) জননকোষ দুটাৰ মিলনৰ কাৰণে সিহঁতৰ চলাচল কৰিব পৰা ক্ষমতা আৰু (ii) ভ্ৰূণৰ বৰ্ধনৰ কাৰণে প্ৰয়োজনীয় আহাৰৰ ব্যৱস্থা, ইয়াৰ কাৰণে প্ৰকৃতিৰ ব্যবস্থা হ'ল--- এটা জনন কোষ আকাৰত সৰু আৰু চলনক্ষম হয় আৰু আনটো জননকোষত ভ্ৰূণৰ আহাৰ সংৰক্ষিত হৈ সি আকাৰত ডাঙৰ কিন্তু চলনশক্তিহীন হয়। চলনক্ষম সৰু জননকোষটোক পুংজননকোষ বা শুক্ৰকোষ বা শুক্ৰাণু (sperm) আৰু চলনশক্তিৰহিত ডাঙৰ জননকোষটোক স্ত্ৰীজননকোষ বা ডিম্বকোষ (ovum, egg) বোলা হয়। 


একলিংগ (Unisexual):

কেঁচু, ফিটাকৃমি আদি কেতবোৰ নিম্নবৰ্গৰ প্ৰত্যেক প্ৰাণীৰ দেহত শুক্ৰাশয় আৰু ডিম্বাশয় দুয়োটা প্ৰাথমিক জননাংগ থাকে কাৰণে সিহঁতে দুয়োপ্ৰকাৰে জননকোষ উৎপাদন কৰে। এনে প্রাণীক উভয়লিংগ প্ৰাণী (hermaphrodite) বোলে। আনহাতে উচ্চবৰ্গৰ প্ৰাণীৰ ক্ষেত্রত কিছুমান ব্যক্তিৰ কেৱল দেহত কেৱল শুক্ৰাশয় আৰু আন কিছুমান ব্যক্তিৰ দেহত কেৱল ডিম্বাশয় থাকে। সেই বাবে কোনো ব্যক্তিয়ে শুক্ৰকোষ আৰু কোনো ব্যক্তিয়ে কেৱল ডিম্বকোষ সৃষ্টি কৰিব পাৰে। সেই হিচাপে ব্যক্তিক পুৰুষ বা স্ত্ৰী ব্যক্তি বোলা হয়। এনে প্ৰাণীক একলিংগ (Unisexual) প্ৰাণী বোলে ।


লিংগীয় ভিন্নতা (sex differentiation):

প্ৰত্যেক প্ৰজাতিৰে এনে পুৰুষ আৰু স্ত্ৰী ব্যক্তিক দুই বিপৰীত লিংগৰ (opposite sex) ব্যক্তি বুলি স্বীকাৰ কৰা হয়। পুৰুষ আৰু স্ত্ৰীৰ মৌলিক বা প্ৰাথমিক লিংগীয় ভিন্নতা (scx differentiation) হ’ল সিহঁতৰ দুটা ভিন্ন প্রকাৰৰ প্ৰজনন কোষ সৃষ্টি কৰাৰ ক্ষমতা। ইয়াৰ উপৰি অৱশ্যে সকলো প্রজাতিতে পুংলিংগ আৰু স্ত্ৰীলিংগ ব্যক্তিৰ মাজত কেতবোৰ গৌণ যৌন লক্ষণ (Secondary Sexual character) দেখা যায়। মানুহৰ ক্ষেত্ৰত এনে গৌণ যৌন লক্ষণ কেতবোৰ হৈছে--পূৰুষৰ উচ্চতা সাধাৰণভাৱে স্ত্ৰীতকৈ অধিক, মুখত দাঢ়ি-গোঁফ গজে,গাৰ নোম খহতা আৰু দীঘল, বহল কান্ধ, গল্‌গলীয়া মাত, পেশীবহুল গাৰ গঠন ইত্যাদি। আনহাতে স্ত্ৰীলোকৰ উচ্চতা কম, শৰীৰৰ নোম সৰু, কোমল আৰু তাকৰীয়া, দাঢ়ি গোফৰ অভাৱ, বহল নিতম্ব, বুকুত স্তন গঠন, শৰীৰৰ পেশী অৱচৰ্মীয় মেদস্তৰে ঢকা, হাত-ভৰি আদি সুদৌল, গাৰ ছাল মসৃণ, মাত মিহি ইত্যাদি৷ ইয়াৰ উপৰি বহিঃ জননাংগৰ গঠনতো দুয়ো লিংগৰ মাজত প্ৰভেদ থাকে। লিংগ অনুসৰি শৰীৰৰ বাহ্যিক আকৃতি-প্ৰকৃতিৰ ভিন্নতা কেৱল মানুহৰেই নহয়, প্ৰায়বোৰ পশু আৰু পক্ষীৰ বেলিকাও দেখা যায়। অনেক নিম্নস্তৰৰ প্ৰাণীৰ মাজতো লিংগ জনিত বিভেদ দেখা যায়। 


গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ:

  1. প্ৰজনন কোষ কাক বোলে?
  2. যোজন কোষ কেতিয়া উৎপন্ন হয়?
  3. মানুহৰ গৌণ যৌন লক্ষণ কোন বিলাক? 


No comments:

Post a Comment