পৃথিৱীৰ পৃষ্ঠভাগ আমাৰ গ্ৰহৰ স্থল আৰু মহাসাগৰ উভয়ৰে তলত পৰি থকা টেকটনিক প্লেটৰে গঠিত। এই প্লেটবোৰৰ গতিবিধিৰ ফলত পাহাৰ গঢ়ি উঠিব পাৰে বা আগ্নেয়গিৰিৰ বিস্ফোৰণ হ’ব পাৰে। এই প্লেটবোৰৰ সংঘৰ্ষৰ ফলত হিংস্ৰ ভূমিকম্পও হ’ব পাৰে, য’ত পৃথিৱীৰ পৃষ্ঠভাগ কঁপি উঠে।
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ সাধাৰণতে ভূমিকম্প প্রৱল এলেকাৰ ভিতৰত পৰে। ভূমিকম্পৰ পৰিণাম অতিকৈ ভয়াবহ হ'ব পাৰে। কিন্তু এষাৰ কথা আছে ‘সাৱধানতাৰ মৰণ নাই’। গতিকে ভূমিকম্পৰ সময়ত ভয় নাখাই সাহসেৰে প্ৰত্যেকেই সতৰ্কতামূলক ব্যৱস্থাসমূহ মানি চলিব লাগে।
সাগৰৰ বুকুত হোৱা ভূমিকম্পৰ ফলত সাগৰৰ পানীত বিশাল টৌৰ সৃষ্টি হয়। এনে টৌৱে বহু মিটাৰ ওপৰলৈ উঠি ৰিস্তৰভাৱে চাৰিওফালে বিয়পি পৰি সাগৰীয় উপকূল অঞ্চলত বানপানীৰ সৃষ্টি কৰে, ইয়াক ‘চুনামি' বুলি কোৱা হয়। চুনামি এটা প্ৰাকৃতিক দুৰ্যোগ।
ভূমিকম্পৰ সময়ত ল’বলগীয়া ব্যৱস্থাসমূহ -
- নুমুৱাব লাগে আৰু বৈদ্যুতিক সংযোগ বিচ্ছিন্ন কৰিব লাগে ।
- ওখ গছ, বিজুলীৰ তাৰ আৰু খুটাৰপৰা আঁতৰি থাকিব লাগে।
- কেইবামহলীয়া ওখ ঘৰ হ’লে বাহিৰলৈ ওলাবলৈ লিফ্টৰ সলনি চিৰি ব্যৱহাৰ কৰিব লাগে।
- হাতত বেটাৰীযুক্ত টৰ্চ লাইট থাকিব লাগে।
ভূমিকম্পৰপৰা হোৱা ক্ষয়-ক্ষতি কমাবলৈ কি কি ব্যৱস্থা ল’ব পৰা যায় তলত দিয়া হ’ল-
- অপৰিকল্পিতভাৱে কেইবামহলীয়া ঘৰ সাজিব নালাগে।
- ঘৰৰ বেৰ, চাল, খুঁটা আদিত থকা ফাঁট বা ভঙা-চিঙা অংশ মেৰামতি কৰি ৰাখিব লাগে।
- সৰু-সুৰা আঘাতৰ চিকিৎসাৰ বাবে প্রাথমিক চিকিৎসাৰ বাকচ মজুত ৰাখিব লাগে ৷
- বিদ্যুৎ সংযোগৰ বিজুতি থাকিলে মেৰামতি কৰি ল’ব লাগে।
- ভূমিকম্পৰ খা-খবৰসমূহ ৰেডিঅ’, দূৰদৰ্শন আদিৰ মাধ্যমেৰে প্ৰচাৰ হয়। ঘৰত বেটাৰীযুক্ত ৰেডিঅ’থকাটো অতি প্রয়োজন। কিয়নো ভূমিকম্পৰ ফলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’লেও ঘৰত থাকিয়েই ভূমিকম্প সম্পৰ্কে প্রচাৰ কৰা সকলো খা-খবৰ পাব পাৰি।
- পৰিয়ালৰ সকলো সদস্যই ৰন্ধন গেছ, বিজুলপী-বাতি, বিজুলী সংলগ্ন আহিলা আদিৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ শিকিব লাগে।
- আৰক্ষী চকী, অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰ্যালয়, চিকিৎসক আদিৰ ফোন নম্বৰ লগত ৰাখিব লাগে।
উৎসঃ পৰিৱেশ বিজ্ঞান (পঞ্চম শ্ৰেণী) (অসমীয়া চৰকাৰী বিদ্যালয়)

.jpeg)
No comments:
Post a Comment